পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
৺শঙ্কৰদেৱ।

শঙ্কৰে বোলন্ত পাচে মাধৱক চাই।
শুনিয়োক কহোঁ মঞি শাস্ত্ৰ অভিপ্ৰাই॥ ২২৪
ঋষিগণে কৰে ইটো বেদক ব্যাখ্যান।
নিজ অৰ্থ ভকতিক তেজি বুঝে আন॥
তপ জপ জজ্ঞ কৰি ব্ৰহ্মলোকে চড়ে।
পুণ্য ক্ষীণ ভৈলে দুনাই নৰকত পৰে॥ ২২৫
বেদ মতে কৰ্ম্ম যদি অছিদ্ৰে কৰয়।
অৰ্পিণা নভৈলে কিছো ফল নধৰয়॥
যদি ফল পাৱে তাৰো আছয় বিনাশ।
মহন্ত সকলে আত নকৰে বিশ্বাস॥ ২২৬
যজ্ঞ কৰি ধৰি আনি পশুক কাটয়।
পশুৰ ৰুধিৰে মহী কৰ্দ্দম কৰয়॥
যদি এহি জন কৰে স্বৰ্গক গমন।
নৰকত তেবে পৰিবেক কোন জন॥ ২২৭
বলি কাটি যিটো অন্য দেৱ পূজা কৰে।
হাতে অস্ত্ৰ ধৰি অন্তকালে লাগ ধৰে॥
ছুম্পি ধৰি কাটি তাকো কৰে খণ্ড খণ্ড।
পূৰ্ব্ব শত্ৰু স্মৰি কৰে প্ৰাণান্তিক দণ্ড॥ ২২৮
যি কাৰ্য্যে কাটিলে বলি তাতো নাই আশ।
তম নৰকত চিৰকাল কৰে বাস॥