পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
৺শঙ্কৰদেৱ।

কিবা কাৰ্য্যে দুয়ো জনা আসিয়াছা এথা।
শুনিবাক উৎসুক কহিয়ো মোত কথা॥ ২১৯
শুনিয়া মাধৱে পান তাম্বুলক লৈলা।
সম্ফুৰাত কৰি শঙ্কৰৰ আগে দিলা॥
পুনু নমস্কাৰ কৰি বসিলা আসনে।
কহিবে লাগিলা কথা কোমল বচনে॥ ২২০
শৰত কালত পূজা সমস্তে কৰয়।
পূৰ্ব্ব হন্তে ইটো বিধি নিয়ম আছয়॥
বেদ আজ্ঞা লঙ্ঘিলতে মহাপাপ হয়।
অৱশ্যেকে মৰি ঘোৰ নৰকে পৰয়॥ ২২১
বেদৰ বিহিত কৰ্ম্ম লাগে কৰিবাক।
নকৰিলে শাস্ত্ৰে দুৰাচাৰ বোলে তাক॥
দুৰাচাৰ ভৈলে শৰীৰৰ নাহি সিদ্ধি।
দিনে দিনে পাপত মলিন হোৱে বুদ্ধি॥ ২২২
পিতৃমাতৃ তাৰ পিণ্ডজল নলৱয়।
পশু যেন সিটো বৃথা জনম ধৰয়॥
মৰিলিয়ো ঘোৰ নৰকত পৰে যাই।
কৌটি কৌটি জন্মতে তাহাৰ গতি নাই॥ ২২৩
এতেকে আমাৰা দেবী পূজা কৰোঁ জানি।
ঈশ্বৰৰ আজ্ঞা ইটো আছে বেদ বাণী॥