পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
৺শঙ্কৰদেৱ।

মাধৱে বোলন্ত বৰ মতে ডৰুয়াস।
কালি প্ৰভাততে যাইবোঁ শঙ্কৰৰ পাশ॥ ২১৪
ৰাত্ৰি গোট বঞ্চিলন্ত ৰজনী পুহাইলা।
স্নান কৰি দুই হন্তে যাইবক সাজ ভৈলা
কিছো পান তাম্বুলক মাধৱে লৈলন্ত।
কতোক্ষণে শঙ্কৰৰ সমীপ পাইলন্ত॥ ২১৫
মনত বোলন্ত নকৰিবো নমস্কাৰ।
প্ৰথমে কৰিবো শাস্ত্ৰ-তত্বক বিচাৰ॥
হেন মনে গুণি যান্তে নিকট পাইলন্ত।
বসি আছা শঙ্কৰ মাধৱে দেখিলন্ত॥ ২১৬
শৰীৰৰ জ্যোতি দেখি সিঁহৰিলা গাৱ।
মনত বোলন্ত কিনো তেজৰ প্ৰভাৱ॥
সঙ্কুচিত ভৈলা কাই ৰূপ দৰশনে।
প্ৰণাম কৰিলা পৰি শঙ্কৰ চৰণে॥ ২১৭
ৰামদাসে প্ৰণামিল পৰি চৰণত।
শঙ্কৰে বোলন্ত বসিয়োক আসনত॥
হেন শুনি ৰঙ্গে দুয়ো বসিলা আসনে।
শঙ্কৰে পুছিলা পাচে মধুৰ বচনে॥২১৮
এহেন্তে মাধৱ জানো মহা সুবিনীত।
দেখিলাতে মোহোৰ হৰিষ কৰে চিত॥