পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
৺শঙ্কৰদেৱ।

ছাগলক অম্বেষে ফুৰন্ত গ্ৰাম পশি।
শঙ্কৰৰ আগে গৈয়া মিলিলা হৰিষি। ১৯৪
শঙ্কৰক দেখিলা আসনে আছা বসি।
গৌৰাঙ্গ শৰীৰ যেন পূৰ্ণিমাৰ শশী॥
চত্ৰাকাৰ মাথা আতি কপোল সুসম।
প্ৰকাশয় মুখপদ্ম পূৰ্ণচন্দ্ৰ সম॥১৯৫
আজানু লম্বিত দুই বাহু মহা পুষ্ট।
বহল হৃদয় দৰশনে মিলে তুষ্ট॥
যেন সূৰবৰ প্ৰকাশয় আসনত।
দৰশনে সমস্তে পাতেক হোৱে হত॥ ১৯৬
দেখি ৰামদাস মহা বিস্ময় ভৈলন্ত।
চৰণত পৰি নমস্কাৰ কৰিলন্ত॥
উঠিয়া হৰিষে পাচে আসনে বসিল।
কি কাৰ্য্যে আসিছা বুলি শঙ্কৰে পুছিল॥ ১৯৭
আমাত বা তোমাৰ আছয় কোন কাম।
কোন গ্ৰামে থাকিয় তোমাৰ কিবা নাম॥
শুনি ৰামদাস আতি নম্ৰকায় ভৈলা।
নমস্কাৰ কৰি কথা কহিবাক লৈলা॥ ১৯৮
হোঙ্কৰা কুঞ্চিয়া বোলে নাম ৰামদাস।
উত্তম কায়ষ্ঠ কুল লোকত প্ৰকাশ॥