পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
৺শঙ্কৰদেৱ।

ব্ৰাহ্মণৰ আগে কৈলা জগন্নাথে
 শুনিয়োক বিপ্ৰবৰ।
শঙ্কৰৰ মোৰ কিঞ্চিত মাত্ৰকো
 নাহিকে জানা অন্তৰ॥
হেন শঙ্কৰক মনুষ্য প্ৰত্যয়
hp4কৰিবেক কোন জনে।
সি সি জনে জানা কৰিবে অবজ্ঞা
 কৃষ্ণক যিটো নমানে॥ ১৭৮
সিটো মহা ৰণ্ড পৰম পাষণ্ড
 তাৰ সঙ্গ পৰিহৰা।
কৃষ্ণত ভকতি নকৰয় যিটো
 সিটো জীৱন্ততে মৰা॥
অহে কৃষ্ণদেৱ তজু পাৱে সেৱ
 কৰো লক্ষ কৌটি বাৰ
মঞি পতিতক তুমি কৃপাময়
 চৰণে কৰা উদ্ধাৰ॥ ১৭৯
পতিত পাৱন নাম ধৰি আছা
 প্ৰসিদ্ধ সবে শাস্ত্ৰত।
মঞি পতিতক তাৰিয়োক প্ৰভু
 কৰিয়া কৃপা বেকত॥