পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
৺শঙ্কৰদেৱ।

পুত্ৰধন কলএত   বিশ্বাস কৰয় অতি
 তাকো কালে কৰয় সংহাৰ।
আপুনি মৰিলোঁ বুলি   সমূলি আকুল হোৱে
 অন্ধ তামিশ্ৰ নাম তাৰ॥ ১৬০
এহি অবিদ্যাৰ পাঞ্চ   পৰ্ব্বা নাম বোলে আক
 পুৰুষক অন্ধ কৰি মাৰে।
শীৰিধৰ স্বামী আক   বিদিত কৰিয়া আছা
 সাধু সেবাতেসে সুখে তৰে॥
দৈবকী নন্দন এক   দেৱ মাত্ৰ শাস্ত্ৰ এক
 দৈবকী নন্দনে কৈলা যাক।
কৰ্ম্মোএকে তানে সেৱা   মন্ত্ৰো একে তান নাম
 জানিবা নিশ্চয় কৰি আক॥ ১৬১
ইহাক নজানি নৰে   ঘোৰ নৰকত মৰে
 নানা দুঃখ কৰ্ম্মকে আচৰি।
কৃষ্ণ গুণ নাম ধৰ্ম্ম   লোকত প্ৰচাৰ কৰে
 সুখে যাউক সংসাৰক তৰি॥
হেন হিত চিন্তি মনে   শ্ৰীমন্তু শঙ্কৰ দেৱে
 ভাগৱত কৰিয়া বিচাৰ।
শ্ৰবণ কীৰ্ত্তন কৰি   তৰোক সমস্তে লোক
 পদ বন্ধে কৰিলা প্ৰচাৰ॥ ১৬২