পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
৺শঙ্কৰদেৱ।

নেনা নেনা ধেনু বুলি আগ ভেণ্টিলেক।
গোৱালক প্ৰাণে মাৰি ধেনু আনিলেক॥ ১৪৩
শুনি দুয়ো ভাই হাসি বুলিলন্ত বাক।
ই কি কথা আমাত আসিলি কহিবাক॥
আচো ধেনু যদি সবে সৰ্ব্বস্বকে নেই।
শঙ্কৰক কি কৰিবো পাল ৰাখা গই॥ ১৪৪
শঙ্কৰে বোলন্ত ভাই কি কাম কৰিলি।
নুখুজিয়া ধেনু তঞি কিসক আনিলি॥
বনগঞা বোলে খঙ্গিবাক নোহে যোগ।
তোমাৰ সম্পত্তি পিতামহে কৰে ভোগ॥ ১৪৫
এতেকে আনিলোঁ ধেনু আমাৰ গৃহক।
শুনি দুয়ো পিতামহে পাইবা আনন্দক॥
জয়ন্ত মাধৱ দুই ভাই আসিলন্ত।
শঙ্কৰক চাই পাচে বাক্য বুলিলন্ত॥১৪৬
বিবাহ কৰিতে ইচ্ছা নাহিকে তোমাৰ।
শুনিয়া মনত দুঃখ মিলিল আমাৰ॥
কন্যা যাচি দেই বিহা কৰিয়ো শঙ্কৰ।
গোত্ৰ বৃদ্ধি হৌড়ক বাপ আমাৰ বংশৰ॥ ১৪৭
পূৰ্ব্বাপৰ বুঝাই আৰো বিস্তৰ বুলিলা।
অযাচিত কন্যা ৰঙ্গে বিবাহ কৰিলা॥