পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
৺শঙ্কৰদেৱ।

বাম হাতৰ বৃদ্ধ অঙ্গুষ্ঠ মাটিত থাপিয়া
 সমস্তে গাৱৰ ভৰ দিয়া।
পৃথিবীৰ পৰা তুলি সকলে শৰীৰ গোট
 আলগতে থাকন্ত ধৰিয়া॥
আনো যত যত কৰ্ম্ম কৰিলা আশ্চৰ্য্য আতি
 শুনন্তে পৰম আচৰিত।
ইকথা থাকোক আবে শুনিয়োক সাধু সবে
 শঙ্কৰৰ বিবাহ চৰিত॥ ৬৮
তান পিতা কুসুম্বৰ পৰম আনন্দ মন
 পুত্ৰ মহা পণ্ডিত ভৈলন্ত।
ৰূপ গুণ বিদ্যা গতি বয়স আকৃতি মতি
 দেখি সৰ্ব্বলোকে প্ৰশংসন্ত॥
মাতৃৰো হৰিষ আতি বুলিলা স্বামীক মাতি
 ভাল চাই কন্যাক জুড়িয়ো।
বসন ভূষণ দিয়া কুটুম্বক সন্তোষিয়া
 শঙ্কৰৰ বিবাহ কৰায়ো॥৬৯
কুসুমে বুলিলা চায়া কন্যা আছোঁ জিজ্ঞাসিয়া
 দশতো কুড়িতে মান বাছি।
নলাগয় বস্ত্ৰ ধন সবাহাৰে এক মন
 বিবাহ দিবাক খোজে যাছি॥