পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
৺শঙ্কৰদেৱ।

পৰম হৰিষ মনে আছন্ত শঙ্কৰ।
শুনা আবে যেন কথা ভৈলা আতপৰ॥ ১১৮
মনত হৰিষে যেবে শঙ্কৰ আছন্ত।
অনন্তৰে তান পাচে মাতৃ মৰিলন্ত॥
পৰম পণ্ডিত জানা শাস্ত্ৰৰ তত্বক।
মাতৃক লাগিয়া কিছো নকৰিলা শোক॥ ১১৯
নুহি সাৰস্বত ইটো অনিত্য সংসাৰ।
কৈৰ পিতৃমাতৃ বন্ধু পুত্ৰ পৰিয়াৰ॥
কৈৰ পৰা আসি জীৱ হোৱে এক ঠাই।
ধৰয় সম্বন্ধ পিতৃমাতৃ খুড়া ভাই॥ ১২০
কৰয় মমত স্নেহপাশে বন্ধ হুয়া।
সংহৰয় কালে চলে দেহাকো ছাড়িয়া॥
নুহিকে স্বতন্ত্ৰ সবে অধীন কালৰ।
মাতৃক লাগিয়া শোক নকৰি শঙ্কৰ॥ ১২১
বিধি বেৱহাৰে মাতৃক্ৰিয়া কৰিলন্ত।
দানে দক্ষিণায়ে বিপ্ৰমন তুষিলন্ত॥
জ্ঞাতি সমস্তকো তুষিলন্ত অন্নপানে।
কতো দিন আছা মহা হৰিষিত মনে॥ ১২২
অনন্তৰে শঙ্কৰৰ দুহিতা জন্মিলা।
মনত সন্তোষে তান মনু নাম থৈলা॥