পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
৺শঙ্কৰদেৱ।

কম্বল ধৰায়ে যাই গুৰুক নমিলা।
ষাণ্ডৰ বৃত্তান্ত কথা সমস্তে কহিলা॥ ১০৮
শুনি গুৰু হাসি তুলিলন্ত কতুহলে।
জিনিলাহা ষাণ্ডক তোমাৰ বাহুবলে॥
নুহিকে আশ্চৰ্য্য ইটো বিক্ৰম তোমাৰ।
শঙ্কৰক গুৰু প্ৰশংসিলা বাৰম্বাৰ॥ ১০৯
অনন্তৰে শঙ্কৰ আপুন গৃহ পাইলা।
পখালি ভৰি উচ্চ আসনে বসিলা॥
কম্বল ধৰায়ে পিতৃমাতৃৰ আগত।
ষাণ্ডৰ বৃত্তান্ত কথা কহিলা সমস্ত॥ ১১০
অদ্ভূত দেখিয়া মহা আশ্চৰ্য্য লভিলা।
পৰম কৌতুক মনে শঙ্কৰো ৰহিলা॥
যেহি দিনা ষাণ্ডক দমিলা ডেকাগিৰি।
লোকৰ গুচিল ভয় সেহি দিন ধৰি॥ ১১১
সেহি পথে আয়াযাত কৰে নিৰন্তৰ।
ডেকাগিৰি নামে ভয় নুগুচে ষাণ্ডৰ॥
কদাচিতো ষাণ্ডক দেখিয়া মনে ভৰি।
ডাক দিয়া বোলে হেৰা আইসে ডেকাগিৰি॥১১২
ডেকাগিৰি নাম শুনি ভয় হুয়া বৰ।
উলটি বনক লাগি ভেজাৱে লৱৰ॥