এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২০
৺শঙ্কৰদেৱ।
মনতে বোলন্ত কিনো তেজ পৰাক্ৰম।
কোননো পণ্ডিত আনআগে হুইব সম॥ ৮৮৭
আসন দিলন্ত ৰাজা কৰিয়া সাদৰ।
বসিলন্ত তাতে মহা পুৰুষ শঙ্কৰ॥
সভাক ৰঞ্জিয়া প্ৰভু সুখে আছা বসি।
তাৰাৰ মধ্যত যেন পূৰ্ণিমাৰ শশী॥ ৮৮৮
ঝালুক ভুঞ্জিয়া ভঙ্গ খাইলেক ব্ৰাহ্মণে।
লজ্জা হুয়া অধোমুখে মনে মনে গুণে॥
শঙ্কৰক চাই ৰাজা মাতিলা সম্বুধি।
দিলন্ত উত্তৰ নৰনাৰায়ণে সুধি॥ ৮৮৯
আত অনন্তৰ কথা শুনিয়োক পাচে।
ভুবনেশ্বৰীৰ গীত গায়া ৰঙ্গে আছে॥
সেহি সময়ত ৰাজা শুনিলন্ত গীত।
জুৰাই মন প্ৰাণ যেন বৰিষে অমৃত॥ ৮৯০
নৃপতি বোলন্ত ইটো গীত অনুপাম।
কোনে কৰি আছে কৈয়ো কিবা আন নাম॥
শুনি মহাদেই পাচে বুলিলা বচন।
কিবা হেতু সোধা কথা কিবা প্ৰয়োজন॥ ৮৯১
নামত শঙ্কৰ তেন্তে ঈশ্বৰ পুৰুষ।
লোক নিস্তাৰক হেতু কায়ত মানুষ॥