পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৭
২১৭
৺শঙ্কৰদেৱ।

বহল কৰিয়া সমাজ পাতিয়া
 ব্ৰাহ্মণ সৱক মাতি।
আতি শীঘ্ৰ কৰি দূতক পঠাইলা
 মহাকোপ কৰি আতি॥
ৰাজাৰ আদেশ  শুনি লড়িলন্ত
 মহাশীঘ্ৰ আতি কৰি।
কহিবা মাত্ৰকে  লড়িলা শঙ্কৰ
 ভকত সবে আবৰি॥ ৮৭০
নৃপতিক আদি  ছোট যে দেৱান
 তেহেন্তে শুনিলা তথা।
মহাপুৰুষক  নৃপতি আনন্ত
 ব্ৰাহ্মণৰ বাদ কথা।
সপুত্ৰ বান্ধৱে  গৈলা আগ বাঢ়ি
 আজিসে জন্ম সফল।
সাদৰ কৰিয়া  গৃহ প্ৰবেশাইল।
 লৈলা পাদোদক জল॥ ৮৭১
কায়বাক্যমনে শৰণ পশিলোঁ
 তুমি মোৰ নিজ স্বামী।
যত ধন জন  সবে সমৰ্পিলোঁ
 তোমাৰ চৰণে আমি॥