পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১০
৺শঙ্কৰদেৱ।

চিত্তে চৰণক চিন্তোক সদায়
 বচনে নেড়োক নাম।
মূৰুখ ভূষণে কাকূতি কৰয়
 ডাকি বোলা ৰাম ৰাম॥৮৬৫



আত অনন্তৰে শুনিয়োক সবে
 পণ্ডিতৰ যেন মত।
কেৱল ভকতি দেখান্ত শঙ্কৰে
 প্ৰকাশ কৰে লোকত।
বহু বিধ ভক্তি নৱ বিধ ভক্তি
 ত্ৰিবিধ ভক্তি আছিল।
সমস্তকে তেজি কেৱল ভকতি
 লোকত প্ৰকাশ কৈল। ৮৬৬
এহি কথা শুনি ধৰ্ম্মী সকলৰ
 মিলিল দুখ মনত।
শঙ্কৰে আমাৰ পূজাক খণ্ডাইলে
 থাকিবে কোন দেশত।