পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
৺শঙ্কৰদেৱ।

মধ্যাহ্ন ভৈলেক জানি  সবে বস্তু কোঞ্চাই আনি
 গোকু চান্দে বাসাত থৱন্ত।
নদীজলে স্নান কৰি নাৰায়ণ মধু হৰি
 গোকুচান্দ চাৰিয়ে ভুঞ্জন্ত॥
গোকু চান্দ নাৰায়ণ কৃষ্ণ পাৱে দিয়া মন
 সুখে দুয়ো নিদ্ৰাক লভিলা৷
আতিশয় বৰ ডাণ্ট লোহাৰ নিহল পাণ্ট,
 নাৰাণ্ দাসৰ ভৰিৰ খহিলা॥ ৮৪৬
চেতনক পাই ৰাতি ডাকন্ত হৰিক মাতি
 উঠ উঠ হৰি শীঘ্ৰ কৰি।
আছিলোঁহো নিদ্ৰা যাই  দেখিলোঁ চেতন পাই
 নিহল খসিল এক ভৰি।
শুনি হৰি ত্ৰস্ত হুই  শীঘ্ৰে জালিলেক জুই
 দেখয় উদাস এক ভৰি।
বোলে ক্ৰোধ কৰি মন  শুন অৰে নাৰায়ণ
 নিহল খসাইলি কেনে কৰি॥ ৮৪৭
নাৰায়ণে বোলে মাতি  কি কৰি খসিল ৰাতি
 আক মঞি নজানো নিশ্চয়।
ঘুমটিক পৰিহৰি কৃষ্ণ নামক ধৰি
 ৰজনীক কৰিলোঁহো ক্ষয়॥