পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
৺শঙ্কৰদেৱ।

যদিবা তোমাৰ কথা শুনোঁ কথঞ্চিত।
যেন বৰিষণ জল পৰে পাথৰিত॥
বজ্ৰ কঠিন যে ভৈলা মোহোৰ হৃদয়।
কদাচিতো প্ৰেম মনে নোপজয়॥৮৪০
যদি কদাচিত নাম আসয় মুখত।
জ্ঞান শূন্য শুক শাৰু লড়ৈ যেন মত॥
আজিকালি কৰন্তে বয়স বৃথা গৈল।
কৃষ্ণৰ চৰণে মোৰ ভকতি নভৈল॥ ৮৪১
বিষয়ৰ বাসে মন কৰিলোঁ অথিৰ।
কেতিখন পৰে ইটো মনুষ্য শৰীৰ॥
আলো ছাঁত জানা সাধিবেক সবে কাম।
নিস্তৰো তেবেসে সবে বোলা ৰাম ৰাম॥ ৮৪২

———৹———

ভোন্টে নেনিলেক জানি  নৰ নাৰায়ণে শুনি,
 মনে মহা বিস্ময় মিলিল।
আপুনাৰ ভক্ত বুলি ৰাখিলন্ত বনমালী
 তাতেসে ভোণ্টেয়ো ফিৰাই দিল॥