পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
৺শঙ্কৰদেৱ।

পূৰ্ব্বে শঙ্কৰক যেন মতে লাগ পাইলা।
শঙ্কৰ দেৱৰ যিটো কথাক পুছিলা।
শঙ্কৰে যিসব কথা কহিয়া আছন্ত।
নাৰায়ণে সেহি কথা সবাতে কহন্ত॥ ৮৩৫
যি কাৰণে ৰাজা নিয়া ভোণ্টক দিলেক।
দেৱ মানুষ বুলি ভোন্টেও নিনিলেক॥
নৰনাৰায়ণে শঙ্কৰক নিয়াইলন্ত।
বাদ কৰি পণ্ডিত সবক ভঙ্গাইলন্ত॥ ৮৩৬
সাৱশেষে কথা কহি থাকন্ত হৰিযে।
আমি সবে শুনি বসি থাকোঁ তান পাশে॥
কতো কথা মনে পৰে কতো পাসৰিলোঁ।
কৃষ্ণ কৃপা স্মৰি পদবন্ধে লিখি থৈলোঁ॥ ৮৩৭
খেমিয়োক সাধুসবে বঢ়া টুটা দোষ।
ইসব কথা শুনি হুয়োক সন্তোষ॥
চৰণে শৰণ লৈলোঁ নেঠেলিবা পাই।
নমো নমো কৃষ্ণ প্ৰভু দেৱ যদুৰাই॥ ৮৩৮
তোমাৰ ভৃত্যৰ ভৃত্য বুলি ধৰা মোক।
তোমাৰ কথাত মোৰ সদা ৰতি হৌক॥
তজু ভকতত মোৰ ৰহোক পীৰিতি।
তোমাৰ চৰণে কৰোঁ এতেক কাকূতি॥ ৮৩৯