পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯8
৺শঙ্কৰদেৱ।

বেদৰ বিহিত কৰ্ম্ম নিষ্টে যেবে কৰে।
তেবে কিয় শঙ্কৰ পলাইলা মোক ডৰে॥
ঝপহু হেঙ্গাল দুইকো কামুৰিয়া খাউক।
প্ৰাণে যেবে জীৱে শঙ্কৰক দেখাই দেউক॥ ৭৯৫
শুনি ততকালে গৈলা আনিতে হেঙ্গাল।
উঠিয়া বোলে নয়নানন্দ কটোৱাল॥
আদেশ মহাৰাজ পাওঁ দুই হান্তক।
অৱশ্যেকে দেখাইয়া দিবেক শঙ্কৰক॥ ৭৯৬
ৰাজাৰ ইঙ্গিত পাই দুই হান্তকো নিলা।
আপুন বাসায়ে যাই আসনে বসিলা।
দুই হান্তকো আপুনাৰ আগে বৈসাইলেক।
পীৰিতি বচনে আগে কথা পুছিলেক॥ ৭৯৭
কৈত আছে শঙ্কৰক দেহৰে দেখাই।
নিষ্টে বোলোঁ তোমাসাৰ কিছো শঙ্কা নাই॥
যেবে দেখাই নেদা তেবে কি মতে এড়াইবি।
নিগ্ৰহ ভুঞ্জিয়া মহা দুখতে মৰিবি॥ ৭৯৮
তজ্জিয়া গজ্জিয়া ভয় দেখাইলা বিস্তৰ।
শুনি নাৰায়ণে পাচে দিলন্ত উত্তৰ॥
শুনা কটোৱাল মঞি নিষ্ট কথা কঞো।
পাঞ্চ প্ৰহৰৰ পথ অন্তৰে থাকঞ॥ ৭৯৯