এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৮
৺শঙ্কৰদেৱ।
এতেক দুৰ্জ্জন সঙ্গ লাগে তেজিবাক।
দুৰ্জ্জনৰ সঙ্গে নেদে হৰি ভজিবাক॥
হৰিক ভজিয়া দুৰ্জ্জনৰ সঙ্গ লৱে।
দুৰ্জ্জনৰ সস মোষে দুৰ্ম্মতি কৰাৱ॥ ৭৫৮
হে কৃষ্ণ দেৱ ভকতৰ ভয় হৰি।
দুৰ্জ্জনৰ সঙ্গ মোক নেদিবা মুৰাৰি॥
জন্মে জন্মে হৌক তজু ভকতৰ সঙ্গ।
এহি দান দিয়ো নকৰিয়ো আশা ভঙ্গ॥ ৭৫৯
মহন্ত সবাকো বোলো ক্ষমা মোৰ দোষ।
শঙ্কৰ চৰিত্ৰ শুনি হুয়োক সন্তোষ॥
যেন তাম্ৰ আদি জল পাত্ৰ আছে যত।
বাহিৰ সুন্দৰ তাৰ পঙ্ক ভিতৰত॥ ৭৬০
ভিতৰৰ পঙ্ক দোষ তাহাক নধৰি।
তৃষাত কৰয় জল পান পেট ভৰি॥
কিন্তু জল পানে মাত্ৰ তৃষা দূৰ কৰে।
শঙ্কৰ চৰিত্ৰ সৰ্ব্ব কুলকে উদ্ধাৰে॥ ৭৬১
এতেক অমূল্য ৰত্ন ভকত জনৰ।
কৰ্ণ মন দুইৰো আতি মহা ৰুচিকৰ॥
বৈৰাগ্য কুঠাৰে যিটো ছেদে স্নেহ পাশ।
ই সব কথাত হোৱে তাহাৰ বিশ্বাস॥ ৭৬২