পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
৺শঙ্কৰদেৱ।


শুনিয়োক সৰ্ব্বজন কৃষ্ণ পাৰে দিয়া মন
শঙ্কৰ চৰিত্ৰ অনুপম।
পাপ মানে যাই ক্ষয় পুণ্য হৱে অভুদয়
সাধি ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥
নাৰদক সম্বোধিয়া মহাদেৱে বুলিলন্ত
যিটো গুৰুবাক্য নাদৰয়।
সৱে ভক্তি বৃথা তাৰ দুখ মাত্ৰ হোৱে সাৰ
মৰি ঘোৰ নৰকে পৰয়॥ ৭৩
যেই গুৰু সেই হৰি তানে পদ সেৱা কৰি
উপদেশ খাণ্ডা ডাটি ধৰা।
সংসাৰ ভ্ৰমাৱে দুখে মনবৈৰী কাটি সুখে
অনায়সে ভৱনদী তৰা॥
সেহি জন মহা ধন্য সুহৃদ সেহিসে জন
পূজিবাক যোগ্য সিটো হোৱে।
কলিযুগে হৰিনাম আপুন কীৰ্ত্তন কৰে
কৃপায়ে আনকো সুমৰাৱে॥ ৭৪
দৈবকীনন্দন দেৱ তজু পদে কৰোঁ সেৱ
হুয়ো মঞি পাপীত প্ৰসন।
যৈতে তৈতে জন্ম ধৰোঁ যেন মঞি নপাসৰোঁ।
ইটো ৰঙ্গা দুখানি চৰণ॥