পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
৺শঙ্কৰদেৱ।

ৰাজাত লগাইবে হেন আশঙ্কা মনত।
ৰামানন্দ নামে পুত্ৰ লৈলন্ত লগত॥
ছোন্টো দেৱান বোলে নাম চিলাৰাই।
ৰামানন্দক ভেটাইলন্ত তাৰে ঠাই॥ ৭৩৮
দেৱানে বোলয় তুমি শুনিয়ো শঙ্কৰ।
আমি বিদ্যমানে কাকো নকৰিবা ডৰ॥
আছোঁ দেৱদাসো মঞি তানে ছোন্টো ভাই।
মোৰ কক্ষা ৰাখোঁ তান কক্ষা উৰুৱাই॥ ৭৩৯
ঘোৰে চৰি চিলা যেন ঝাম্পে ৰণ মাঝে।
এতেকেসে চিলাৰাই বোলে সবে ৰাজ্যে॥
যতেক কায়স্থ আছে মোৰ দোপদৰে।
পত্ৰ লিখি পাতিবোঁহো সবাৰো উপৰে॥ ৭৪০
থাকিলন্ত ৰামানন্দ দোপদৰ দেখি।
ঘবে আমি শঙ্কৰ ৰহিলা মন সুখী॥
পূৰ্ব্বে বিদ্যানিধি এক ব্ৰাহ্মণ আছিল।
যাক বিশ্বসিংহে মহা নিগ্ৰহক দিলা॥ ৭৪১
তানে পুত্ৰ নামে বিদ্যাবাগী চক্ৰবৰ্ত্তি।
ব্ৰাহ্মণ সবত সিটো থাকে অনুবৰ্ত্তি॥
ব্ৰাহ্মণ সবৰ সিটো অনুমতি পাই।
নৰনাৰায়ণ আগে লগাইলেক যাই॥৭৪২