পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
৺শঙ্কৰদেৱ।

সবাকো শুনায়া পাচে বুলিলা বচন।
নিশ্চয় বুলিলোঁ লৈবো কৃষ্ণত শৰণ॥
শুনি যজমান সবে খঙ্গিয়া বোলয়।
বুঝিলোঁহো গুৰু আমি তোমাৰ আশয়॥ ৭২৮
তেজস্বী বুলিয়া তোমাক মানিছঞ॥
ডাঙ্গবাড়িয়াতে হাৰিলাহা দেখিলঞ।
ইহান আমাৰ লগে বৰ দ্বন্দ্ব কৰি।
কষ্ট মনে সবে উঠি গৈলা ঘৰাঘৰি॥ ৭২৯
দণ্ড চাৰি পন্থ নাচিগ্ৰামত থাকন্ত।
এহি চক্ৰপাণি মোৰ লগে আসিলন্ত॥
শুনিয়া মাধৱে বহু প্ৰশংসা কৰিলা।
শঙ্কৰৰ পাশক সবেও চলি গৈলা॥ ৭৩০
দেখিয়া শঙ্কৰে পাচে তঙ্কি পুছিলন্ত।
কহিলন্ত নাৰায়ণে সমস্তে বৃত্তান্ত॥
ৰাম ৰাম গুৰু অজ্ঞান উপদেশ দিলা।
শঙ্কৰে হৰিষে পাচে বচন বুলিলা॥ ৭৩১
পত্নীৰ প্ৰসাদে ভৈল ভকতি বিপ্ৰৰ।
জানি চক্ৰপাণি তজু সেই পটন্তৰ।
ধন্য ধন্য চক্ৰপাণি বুদ্ধিমন্ত সাৰ।
তোমাক কৰিবে লাগে মোৰ নমস্কাৰ॥ ৭৩২