পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
৺শঙ্কৰদেৱ।

চক্ৰপাণি বোলে শঙ্কৰৰ পাশে যায়ো।
তান হাতে দিবোঁ তহিতে দেখিয়ো॥
মাধৱে বোলন্ত মঞি আগে পঢ়ি চাঞ।
তুমি আমি সখি সমে একেলগে যাঞ॥৭১৮
এড়াইবে নাপাৰি দিলা মাধৱৰ হাতে।
গোন্টে গোন্টে শ্লোকচয় পঢ়ি সমস্তে॥
পাচে এক গুটি শ্লোক মাধৱে পঢ়িলা।
বোধ পাইলোঁ বুলি বিপ্ৰে পত্ৰক চিৰিলা॥ ৭১৯
দেখিয়া মাধৱ বৰ বিস্ময় ভৈলন্ত।
সখিক মাতিয়া সব কথা পুছিলন্ত॥
কিবা নাম তান কোন গ্ৰামত থাক।
কহিয়োক সখি মোত সকলে বৃত্তান্ত॥ ৭২০
দিন তিনি চাৰি মানে তহিতে আছিল।
মোৰ মুখে কৃষ্ণকথা বিস্তৰ শুনিল॥
গৃহক আসিয়া পাচে বুলিলা স্বামীক।
আমাৰ ব্ৰাহ্মণ জন্ম আহোক ধিক ধিক॥৭২১
আগে মানো আমি কাঞ্চ কচি নাৰায়ণ।
নাৰায়ণ কাঞ্চ আমি কাচ অভাজন॥
শূদ্ৰৰ মুখত কৃষ্ণকথা শুনিলোঁ।
আমাৰ ব্ৰাহ্মণ জন্মে কি কাৰ্য্য সাধিলোঁ॥৭২২