পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
৺শঙ্কৰদেৱ।

মহন্তৰ মুখে শুনিবোঁহো কৃষ্ণ কথা।
কি কাৰ্য্যে ব্ৰাহ্মণ জন্ম কৰিবোঁহো বৃথা॥ ৬৫৩
বোলোঁ দামোদৰ মোৰ কথা শুনিয়োক।
এহি বিত ভঙ্গাই কিছো ধান্য কিনিয়োক॥
কৃষ্ণৰ কথাত যেবে নিমজ্জিবে মন।
অযত্নে আসিয়া তেবে মিলিবন্ত ধন॥৬৫৪
পাঞ্চবিধ মোক্ষ ফুৰৈ ভক্তৰ পাচত।
সুখ দুখ পুৰুষৰ কাল কৰ্ম্ম গত॥
এহি গ্ৰামে থাকা মঞি চিনাইলোঁ তোমাক।
কতেক কহিবোঁ মঞি ইহান কথাক॥৬৫৫
দামোদৰময় হুইবে সমস্তে জগত।
বহু ব্ৰাহ্মণ কৃষ্ণত হুইবেক ভকত॥
লভিবা আনন্দ আনে উপদেশ পাই।
সত্ৰ পাতি ভক্তি প্ৰবৰ্ত্তাইবা ঠাই ঠাই॥ ৬৫৬
সিটো বেদবাক্য ভৈলা প্ৰমাণ সম্প্ৰতি।
গোঁসাই দামোদৰ নাম জগত প্ৰখ্যাতি॥
আত্ম পৰ ভেদ শূন্য পৰম মহন্ত।
দৰশনে সমন্তে পাতেক হোৱে হত॥৬৫৭
চৰণত পৰি যিটো কৰে নমস্কাৰ।
যমে বোলে মোৰ তাত নাহি অধিকাৰ॥