এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
১৬১
৺শঙ্কৰদেৱ।
শুনিয়া মাধৱ বৰ আনন্দ ভৈলন্ত।
পুষ্পে যে তাম্বুলে তাঙ্ক অৰ্চ্চা কৰিলন্ত॥৬৩৩
শঙ্কৰৰ পাশে চলি গৈলা তেতিক্ষণে।
কৰিলা প্ৰণাম পৰি শঙ্কৰ চৰণে॥
শঙ্কৰে মধুৰ বাক্যে অশ্বাস কৰিলা।
মনত সন্তোষে পাচে আসনে বসিলা॥ ৬৩৪
শঙ্কৰে হৰিষে পাচে বুলিলা বচন।
তোমাৰ কথাক কহিলন্ত নাৰায়ণ॥
পঠাইলোঁহো মাতি আতি শীঘ্ৰে আসিয়োক।
আমিয়ো দেখোহোঁ আমাক দেখন্তোক॥ ৬৩৫
শঙ্কৰৰ বাক্যে মহা আনন্দ লভিলা।
উপদেশ পাই ৰঙ্গে কৃষ্ণক ভজিল॥
শঙ্কৰ মাধবে যত কথা ভৈলা তয়।
নকৰিলোঁ পদ আৰ বাহুল্যক ভয়॥ ৬৩৬
এক বুঢ়ীৰ পুত্ৰক যে পৰমানন্দক।
আনিলন্ত নাৰায়ণে শঙ্কৰ পাশক॥
তিনি কাউণ কড়ি তেহো পৰৰ ধাৰত।
আপুনাৰে দিয়া নাৰায়ণে সুজিলন্ত॥৬৩৭
সিমলিয়া গ্ৰামে তথা শ্ৰীৰাম আছন্ত।
একেশ্বৰে জানি নাৰায়ণে বুলিলন্ত॥