পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
১৬০
৺শঙ্কৰদেৱ।

সংক্ষেপ কৰিয়া এবে শুনিয়ো সম্প্ৰতি।
ভনে দ্বিজ ভূষণে গোবিন্দ পদে মতি॥ ৬২৮
মহাৰঙ্গে কথা কহি থাকন্ত শঙ্কৰে।
হৰিষতে শুনন্ত ভকত নিৰন্তৰে॥
পুৰাণ ভাৰত ৰামায়ণ ভগৱত।
কথাৰূপে কহি সৱে থাকন্ত সমস্ত॥ ২৯
পূৰ্ব্বে নাৰায়ণে শঙ্কৰক লগ পাইলা।
শুনা যেন মতে আনি ভকত মিলাইলা।
জয়ন্তীৰ মাধৱক আনিবাক মনে।
গৈলা নাৰায়ণ পাচে শঙ্কৰ বচনে॥ ৬৩০
মাধৱক আগে নাৰায়ণ নমিলন্ত।
মাধয়ো আনন্দে উঠি আসন দিলন্ত॥
বসিলন্ত নাৰায়ণ মাধৱে পুছিলা।
কোন গ্ৰামে থাকা তুমি কি কাৰ্য্যে আসিলা॥ ৬৩১
মাধৱে পুছিলা নাৰায়ণে কহিলন্ত।
বড়পেটা গ্ৰামে তথা শঙ্কৰ আছন্ত॥
হালধীয়া গ্ৰাম হন্তে উজাই আসিলোঁ।
মহা ভাগ্যে শঙ্কৰ দেৱক লাগ পাইলোঁ॥ ৬৩২
শঙ্কৰৰ আগে কৈলোঁ তোমাৰ কথাক।
তান বাক্যে আসিয়াছোঁ তোমাক নিবাক॥