পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
৺শঙ্কৰদেৱ।

ক্ৰোধ কৰি চক্ৰ ধৰি যাক প্ৰাণে বধা হৰি
 সিয়ো তজু ৰূপে লীন হোৱে।
তোমাৰ ক্ৰোধক হৰি আন দেৱতাৰ বৰে
 কদাচিতো সমতুল্য নোৱে।
এহি জানি কৃপাময় চৰণে শৰণ লৈলোঁ
 নকৰিবা মোৰ আশা ভঙ্গ।
মোৰ নিজ কৰ্ম্মফলে যৈতে তৈতে হৌক জন্ম
 দিয়া তজু ভকতৰ সঙ্গ। ৬২১
তজু ভকতৰ সঙ্গে তৱ কথামৃত শুনি
 মন শান্ত কৰিবোঁ আমাৰ।
দৈবকী নন্দন প্ৰভু কৃষ্ণদেৱ জয় জয়
 কৰা ঘোৰ সংসাৰে উদ্ধাৰ॥
তজু চৰণত ধৰোঁ এতেক কাৰ্পণ্য কৰোঁ।
 মোৰ মুখে নাচাড়োক নাম।
দ্বিজ ভূষণে যে কহে কলি পাপ নামে দহে
 নিৰন্তৰে বোলা ৰাম ৰাম॥ ৬২২

জয় জয় কৃষ্ণ প্ৰভু দৈৱকী নন্দন।
ব্ৰহ্মা মহেশ্বৰো সেৱে যাহাৰ চৰণ॥