পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১
৺শঙ্কৰদেৱ।

শঙ্কৰৰ সন্ন্যাসীৰ সম্বাদ উত্তম।
শুনিছা ভকত সবে পৰিয়া নিঝম॥ ৫৬৪
শেষ প্ৰহৰৰ নিশি নিদ্ৰা কৰিলন্ত।
ৰজনী প্ৰভাতে উঠি সন্ন্যাসী গৈলন্ত॥
অনন্তৰে ৰাম ৰাই বুলিলা বচন।
শুনা দাদা আমি যাওঁ আজি বৃন্দাবন। ৫৬৫
গোকুল যমুনা আদি গিৰি গোবৰ্দ্ধন।
দেখিবোঁ কৃষ্ণৰ ক্ৰীড়া স্থান বৃন্দাবন॥
যাইবোঁ বুলি শঙ্কৰেও দিলন্ত সন্মত।
পূৰ্ব্ব কথা মাধৱৰ পৰিলা মনত॥ ৫৬৬
শঙ্কৰদেৱৰ পত্নী লক্ষ্মী সম সতী।
মাধৱক বিৰলে বুলিলা পূৰ্ব্বে মাতি॥
শুনিয়ো মাধৱ তুমি মোহোৰ বচন।
কদাচিতো প্ৰভুক নেনিবা বৃন্দাবন॥ ৫৬৭
শুনি আছোঁ ৰাই বৃন্দাবনক যাইবন্ত।
আমাৰ গোঁসাই গৈলে ফিৰি নাসিবন্ত॥
ঈশ্বৰ মানিয়া সেৱা কৰোঁ প্ৰতিনিত।
কায়বাক্যমনে মোৰ প্ৰভুতেসে চিত্ত॥ ৫৬৮
জানিবা মাধৱ মোৰ বচন কৰিবা।
কদাচিতো তুমি বৃন্দাবনক নযাইবা॥