পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
৺শঙ্কৰদেৱ।

কৃষ্ণৰ বচন যিটো জনে নমানয়।
পাষণ্ডতো ধিক সিটো ছুইবে যোগ্য নয়॥ ৫৪৯
তোৰা সৱে কৱা ইটো কৃষ্ণৰ বচন।
কিবা হেতু নলৱাহা কৃষ্ণত শৰণ॥
শুনি ব্ৰহ্মানন্দে বুলিলন্ত শঙ্কৰক।
গীতাৰো সন্মত আছে ভজিবোঁ কৃষ্ণক॥৫৫০
গৈলন্ত ব্ৰাহ্মণ বিত্ত দেখাইলা পিতাক।
চাহিলন্ত ব্ৰাহ্মণে হাতত দিয়া হাত॥
পূৰ্ব্বৱতে বিত্ত পাই আনন্দ মনত।
কহিলন্ত কথা পাচে আনো ব্ৰাহ্মণত॥ ৫৫১
গীতা ভাগৱততো সবাৰো ভৈল মন।
বিত্ত লোভে পঢ়িবাক সবাৰো যতন॥
ভকতক দ্বেষ বুদ্ধি সবেয়ো এড়িলা॥
উগ্ৰ মূৰ্ত্তি ব্ৰাহ্মণক ধনে বশ্য কৈলা। ৫৫২
শুনিয়ো মাধৱ তুম আমি কৰোঁ যাক।
আনো সৱ লোকে ধৰ্ম্ম বুলিবেক তাক॥
এতেকে বিহিত কৰ্ম্ম কৰিতে যুৱাই।
অবিহিত নাচৰিবা মোৰ অভিপ্ৰাই॥ ৫৫৩
শুনিয়া মাধবে নমস্কাৰ কৰিলন্ত।
পৰম হৰিষে পাচে ৰঙ্গে ৰহিলন্ত॥