পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৯
৺শঙ্কৰদেৱ।

কান্দি ৰামে বোলে   শুনিয়োক বাপ
 ইটো মোহোৰেসে দোষ।
তোমৰা মাতিলে   খড়ম নেদিলোঁ।
 নকৰিবা অসন্তোষ॥
মাধৱে বোলন্ত   আনো আবাহন
 নকৰিবা বিড়ম্বণ।
কৃষ্ণৰ সমস্ত   অঙ্গত পিন্ধাইবা
 বসন যত ভূষণ॥ ৫১১
এতেক বোলন্তে   প্ৰেম উপজিল
 লোটক পৰে নিঝৰি।
কৃষ্ণ মূৰ্ত্তি দেখি   মৌনে ৰহিলন্ত
 কৃষ্ণৰ ৰূপক স্মৰি॥
শুনা সৰ্ব্বজন   কৃষ্ণ পাৱে মন
 দিয়া কৰি এক মতি।
পৰম আনন্দ   সুখৰ সাগৰ
 কৃষ্ণৰ প্ৰেম ভকতি॥ ৫১২
ভকতিতে বশ্য   হোৱন্ত কেশৱ
 নাহি অত অন্যৱথা।
লৈয়া সাধু সঙ্গ   কৰি মন ৰঙ্গ
 শুনিয়ো কৃষ্ণৰ কথা॥