পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭
৺শঙ্কৰদেৱ।

হৰিদাস বনীয়া   বুঢ়া যে দৈবজ্ঞ
 আৰো মহা কালিৰাম।
উদাৰ গোবিন্দ   বলভদ্ৰ আৰো
 বসিলন্ত বলৰাম॥
সবাকো সম্বুধি   শঙ্কৰে কহন্ত
 কৃষ্ণৰ গুণ চৰিত্ৰ।
নিশবদে সবে   শুনিয়া থাকন্ত
 কৃষ্ণ পাৱে দিয়া চিত॥ ৫০৬
মাধৱে সোধন্ত   শঙ্কৰে সিদ্ধান্ত
 দেন্ত আতি হৰিষত।
কথা অমৃতৰ   নদী বহি যায়
 পিৱে সৱে আনন্দত॥
প্ৰতি দিনে কথা   প্ৰসঙ্গ কৰন্ত
 সবেয়ো শুনা হৰিষি।
মাধৱে গণক   কুছিত নিবাস
 কৰন্ত আতি হৰিষি॥ ৫০৭
মাধৱৰ সঙ্গে   থাকা নাৰায়ণ
 ভোজন লগে কৰন্ত।
মাধৱৰ পৰি   চৰ্য্যা মহাকালি
 ৰামে সবে আচৰন্ত॥