পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮
১১৮
৺শঙ্কৰদেৱ।

দুইকো দুই প্ৰিয় বাক্যে কৰিয়া আশ্বাস।
গৈলন্ত মাধৱ পাচে শঙ্কৰৰ পাশ॥ ৪৬৭
নমস্কাৰ কৰি তৃণ আসনে বসিলা।
নাৰাণক প্ৰশংসি সমস্তে কথা কৈলা॥
কড়ি এক কচি পান তাম্বুলক পাইলোঁ।
এক টকা ভঙ্গাই আৰ কড়ি গণি লৈলোঁ॥ ৪৬৮
বিস্তৰ কথায়ে আছিলোঁহো দুয়োজন।
পৰম চতুৰ নাৰায়ণ মহাজন॥
শঙ্কৰে বোলন্ত পাচে চাহি মাধৱক।
তোমাক পঠাইলোঁ নাৰায়ণৰ পাশক॥ ৪৬৯
তাঙ্কে দেখন্তোক কড়ি পাইবা সেহি ঠাই।
দুয়ো কাৰ্য্য সিদ্ধি ভৈলা মোৰ অভিপ্ৰাই॥
শুনিয়ো মাধৱ তুমি পণ্ডিত গহন।
কথায়ে চতুৰ মহাজনো নাৰায়ণ॥৪৭০
ইৰাজ্যতো পাইলোঁ আমি সুহৃদ আমাৰ।
শঙ্কৰে প্ৰশংসা কৰিলন্ত বাৰ বাৰ॥
শঙ্কৰ দেৱৰ শিষ্য ভৈল নাৰায়ণ।
যিটো গুৰু সেৱা কৰিলন্ত অনুক্ষণ॥ ৪৭১
মাধৱৰ গুণ কহি কোনে পাইবে অন্ত।
যিটো অহৰ্নিশে গুৰু সেৱা কৰিলন্ত॥