পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
৺শঙ্কৰদেৱ।

বাৰাদি গ্ৰামক প্ৰতি আপুনি গৈছিলা।
যি কাৰ্যে গৈছিলা সিটো কাৰ্যক সাধিলা॥৪৫৭
মাধৱে বোলন্ত মাতৃ মৰিল আমাৰ।
অৱশ্যেকে লাগে মোৰ শুদ্ধি কৰিবাৰ॥
শুদ্ধিৰ দিৱস আসি চাপিল সন্নিত।
ব্ৰাহ্মণ সবক লাগে দক্ষিণাক দিত॥ ৪৫৮
তাকে লাগি চকিয়া মাঝিৰ ঘৰে গৈলোঁ।
কড়িৰ অন্বেষ নপাই পুনু আসি ভৈলোঁ॥
কিবা নাম তোমাৰ থাকিয়া কোন গ্ৰামে।
ইঠায়ক তোমৰা আসিয়াছা কোন কামে॥ ৪৫৯
শুনি নাৰায়ণে পাচে তাহান আগত।
পূৰ্ব্বাপৰে সবে কথা কৰিলা বেকত॥
ভৱানন্দ নাম মোৰ পূৰ্ব্বত আছিলা।
মহা পুৰুষে পাচে নাৰায়ণ নাম দিলা॥ ৪৬০
যি মতে ভাস্কৰ বিপ্ৰে কথা কহিলন্ত।
নাৱে ভৰা দিয়া লুহিতত উজাইলন্ত॥
মহা পুৰুষক লাগ পাইলোঁ যেন মতে।
মাধৱৰ আগে কথা কহিলা সমস্তে॥ ৪৬১
মাধৱে বোলন্ত ধন্য জীৱন তোমাৰ।
নিশ্চয়ে তৰিলা তুমি দুৰ্ঘোৰ সংসাৰ॥