এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯
৺শঙ্কৰদেৱ।
শুনা পিতৃ তুমি মন কষ্ট নকৰিয়ো।
পঢ়িবোঁহে শাস্ত্ৰ মোক ছাত্ৰশালে থৈয়ো॥ ৩৮
পাৰোঁ কি নপৰো পঢ়িবাক আমি।
ইহাৰ প্ৰমাণ পিতৃ পাইবা পাচে তুমি॥
শুনিয়া কুসুমে পাচে বচনে সাদৰি।
কৰিলা চুম্বন শঙ্কৰক কোলে ধৰি॥ ৩৯
ধন্য ধন্য বাপ তুমি কুলৰ নন্দন।
পঢ়িবাক শুনি মোৰ তুষ্ট ভৈল মন॥
ৰূপযৌবনকুলৱন্ত যে যদি হয়।
বিদ্যাহীন হৈলে বাপ কিছো নোশোভয়॥ ৪০
আন ধনধান্যৰ ভাতৃয়ে বণ্টা লয়।
বিদ্যাৰত্ন মহাধন নিবে নপাৰয়॥
দানে ক্ষয় নযায় চোৰে নপাৰে নিবাক।
স্বদেশতে পূজেমাত্ৰ মহন্ত ৰজাক॥ ৪১
বিদ্যাৱন্ত পুৰুষক পুজে সব ঠাই।
বিদ্যাসে ভূষণ বাপ অধিকে শুহাই॥
বিদ্যাহীন পুৰুষৰ নিস্ফল জীৱন।
দিশশ্যূন্য নাই যাৰ মিত্ৰ বন্ধু জন॥৪২
হেন জানি বাপু পঢ়িবাক যত্ন কৰ।
বিদ্যাসে ভূষণ বাপ আমাৰ বংশৰ॥