পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯
৺শঙ্কৰদেৱ।


হৰি জমাই সমে দুইৰো এক প্ৰীতি আছিলেক
 তেহো অসমত কাটা যান্ত।
কৃষ্ণদেৱে ৰাখিলন্ত  মোৰ মহা প্ৰিয়তম
 মাধৱ এড়ায়া আসিলন্ত॥ ৩৯৫
নমস্কাৰ কৰি পুনু  নাৰায়ণে পুছিলন্ত
 ইয়ো কথা কহিয়ে সমস্ত।
কি কাৰণে দুই হন্তক অসম ধৰিয়া নিলা।
 কাটিলেক কিবা অন্যায়ত॥
শঙ্কৰে বোলন্ত শুনা  হাথী ধৰাণ গৈলেক
 আমাৰ খাটনিয়া লোক যত।
ভূঞা ধৰি নিবে প্ৰতি  অসম পাঞ্চিলে বড়া
 শুনিলোঁহো লোকৰ মুখত॥ ৩৯৬
পৰিকৰ সৰ্ববলোক  সবে অন্তৰাই থৈলোঁ
 মঞি মাত্ৰ আছোঁ একেশ্বৰে।
দুই গোণ্টা অসমে আসি  দ্বাৰ মোৰ ভেন্টিলেক
 দুই হাতে ধৰি দুৱাৰৰে॥
আগ পাচ হুয়া দুই  দুৱাৰ ভেন্টিয়া ৰৈল
 দেখি মঞি গুণিলোঁ মনত।
আৰো যেবে আসে লোক তবে ধৰিবেক মোক
 এড়াই বাঞ এহি সময়ত॥ ৩৯৭