পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
শ্রীশ্রীচণ্ডী।


হাজাৰে হাজাৰে উপজিয়া দৈত্য যত।
সিসবে ব্যাপিলা ইতত সমস্তে জগত॥
দেবগণে তাক দেখি মহা ভয় ভৈলা। ৪০-৫২
দেখি শীঘ্ৰে গােসানীয়ে বুলিবাক লৈলা॥
দেখা দেখা কালী কিনাে দানব দুৰ্ব্বাৰ ।
শােণিতত হন্তে দৈত্য উপজে ইহাৰ॥
নিঃশেষ ৰুধিৰ আৰ তুমি পীয়া যেবে।
পুনৰপি দুষ্ট দৈত্য নুপজিব তেবে॥
বেস্ত * গােট বাইয়া তুমি কৰিলা বহাল।
ধৰিতে পাৰাহ যেন শােণিত সকল॥
সাবধান হােৱা কালী কৰােহাে প্ৰহাৰ ।
বহিবে শােণিত আৰু কৰিয়া বিস্তাৰ ॥
অস্ত্র ঘায়ে যত আৰ স্ৰবিবে শােণিত।
মুখে ধৰি তাক তুমি পিয়াহা ত্বৰিত॥
এহিমতে অশেষ শােণিত হৈব ক্ষয়।
তেবেসে হৈবেক ৰক্তবীজৰ প্ৰলয় ॥৫৩-৫৬
এহি বুলি ভবানীয়ে ত্রিশূলক হানি।
ৰক্তবীজ অসুৰক ভেদিলন্ত টানি॥
শূল ঘায়ে বাজ ভৈলা শােণিত যতেক।
বেম্ভ বাইয়া চামুণ্ডায়ে তাক ধৰিলেক।
কালীৰ মুখত পৰি তাহাৰ শোণিত।
তৈতে উপজিলা দৈত্য হইয়া অসংখ্যাত।


  • বেস্তু -মেলা মুখ ; মুখ-গহ্বৰ।