পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
শ্ৰীশ্ৰীচণ্ডী


ময়ূৰ যানত চৰি কোপ কৰি মনে।
দৈত্যক যুঝিতে প্ৰতি আসিলা তেখনে॥১৭
বিষ্ণুৰ শকতি যিটো “বৈষ্ণবী” নামত।
শ্যাম-তনু পীত বস্ত্ৰ ধৰিছে গায়ত।
তেন্তে আসিলেক গৰুড়ৰ কন্ধে চৰি।
শঙ্খ চক্ৰ গদা পদ্ম সাৰঙ্গক ধৰি॥১৮
যজ্ঞ বৰাহৰ ৰূপ পূৰ্ব্বে ভৈলা হৰি।
তাহানে শকতি আইলা হাতে চক্ৰ ধৰি॥
দন্তৰ অগ্ৰত তান শোভে বসুমতী।[১]
তেহান্তে “বাৰাহী” নাম দেবী ভগবতী॥১৯
যিটো নৃসিংহৰ শক্তি “নাৰসিংহী” আই।
অৰ্দ্ধ দেহ নৰ-ৰূপ সিংহ অৰ্দ্ধকায়॥
কেশৰ চাটিত তাৰাগণ উৰুয়াই।
দৈত্যক যুঝিতে তেন্তে আইলা সেহি ঠাই॥২০
আইলা “ইন্দ্ৰানী” পাছে যুঝিবাক মনে।
মাথাত কিৰিট জলে সহস্ৰ লোচনে॥
ঐৰাবতে চৰি আছে ধৰি বজ্ৰ-বাণ।
ইন্দ্ৰৰ শকতি তেন্তে তাহাৰ সমান॥২১
বলে বীৰ্য্যে তাসম্বাৰ নহিক সৰি[২]
সিসবে শিৱক লৈয়া চৌপাশে আবৰি॥


  1. কীৰ্ত্তন—দিব্য যজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি।
    লীলায়ে দম্ভৰ অগ্ৰে উদ্ধাৰিলা ভূমি॥
  2. সৰি—সং, সদৃশ