পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
শ্ৰীশ্ৰীচণ্ডী


পাছে সিংহে অতিৰেক।
দিলা ঘোৰ আটাসেক॥
সিৰেলা ঘণ্টাক টানি।
বজাইলেক ঠাকুৰাণী॥৯
তিনি শব্দে মিশ্ৰ ভৈলা।
ৰোল উঠলিয়া গৈলা॥
পুৰিলা বিদিশ দিশ।
স্বৰ্গত দেব হৰিষ॥
অনন্তৰে চামুণ্ডাই।
বহল বেস্তাক বাই॥
সমৰত কৰি লীলা।
ঘোৰ আটাসেক দিলা॥১০
সেহি ঘোৰ নাদচয়।
শুনি দৈত্য সমস্তই॥
দেবিক সিংহকো যাই।
চামুণ্ডা লাগ পাই॥
কোপ কৰি অতিৰেক।
চতুৰ্দিশে বেঢ়িলেক॥১১
শুনিয়োক সভাসদ।
চণ্ডীৰ চৰিত্ৰ পদ॥
বৃথা এনে বহি যাই।
নাম বিনে ধৰ্ম্ম নাই॥
জানি নিৰন্তৰ লোক।
শিব দুৰ্গা ঘুষিয়োক॥