পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
শ্ৰীশ্ৰীচণ্ডী


 শুনা সভাসদ পদ গোঁসানীৰ লীলা।
যাক সুমৰিয়া দেৱে দুৰ্গতি তৰিলা॥
যিটো জনে তান্ত কৰে একান্ত ভকতি।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পায় শুভ মতি॥
আকে জানি নৰলোক নকৰিবা হেলা॥
ৰক্ষা কৰে ভগবতী সঙ্কটৰ বেলা॥
বিপ্ৰ ৰুচিনাথে ভণে ত্যজি আন কাম।
পাতেক চাৰোক ডাকি বোলা দুৰ্গাৰাম॥

ঝুমুৰি

নিগদতি মুনি বৰ।
শুনা কথা নৰেশ্বৰ॥
দুৰ্জ্জয় দানব দল।
যেন কাল মেঘ দল॥
আসিয়া চাপিয়া পাশ।
যাক দেখি লাগে ত্ৰাস॥
হেন দেখি ভগবতী।
ক্ৰোধিয়া দৈত্যক প্ৰতি॥
আজুৰিয়া ধনুখান।
টঙ্কাৰিয়া কৰ্ণমান॥
ধনুৰ টঙ্কাৰ ৰোল।
লঙ্ঘিলা আকাশ কোল॥ ৮