পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম মাহাত্ম্য।

 ঋষি নিগদতি কথা শুনা এক মনে।
চণ্ড মুণ্ড বীৰ যদি পৰি গৈলা ৰণে॥
আৰু অসংখ্যাত সেনা যুদ্ধে গৈলা মৰি ১-২
শুনি শুম্ভে বুলিবে লাগিল ক্ৰোধ কৰি॥
অস্ত্ৰ শস্ত্ৰ ধৰি নিজ সেনা সমে সাজি।
যুদ্ধক লাগিয়া বীৰগণ যাউক আজি॥ ৩
মোৰ কাছে আছে পাত্ৰ মিত্ৰ যতমান।
চয়জনা অধিকাৰী যুদ্ধত সুজন॥
কম্বুজ দানব বংশে হুয়া আছে জাত।
চাৰিদিক আশী দৈত্য ত্ৰিভুবনে খ্যাত॥ ৪
কোটিধিৰ দানবৰ সন্ততি পঞ্চাশ।
আমাৰ আদেশে যাউক নকৰি আলাস॥
যাউক একশত ধূম্ৰ দৈত্যেৰ সন্তান। ৫
কালকাৰ বংশী যাউক যত আছে মান॥
দুৰ্হৃদ দৈত্যেৰ বংশ কৰবসন্ততি।
কালকাৰ পুত্ৰনাতি চলোক সম্প্ৰতি॥ ৬
এহিমতে শুম্ভে কৰি প্ৰচণ্ড আদেশ।
আপুনিয়ো চলি গৈলা ধৰি যুদ্ধ বেশ॥৭
নিশুম্ভে চলিলা সঙ্গে তান ছোট ভাই।
অনেক সহস্ৰ সৈন্য আবৰিয়া যাই॥