পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
শ্ৰীশ্ৰীচণ্ডী


দুৰ্গাৰূপে অৱতৰি, দশভুজ অস্ত্ৰ-ধৰি,
 ইবাৰ কৰিবোঁ তোক হত॥
উগ্ৰচণ্ডা-ৰূপ ধৰি, অষ্টাদশ ভূজ ধৰি,
 তোমাকে বধিলোঁ প্ৰথমত।
ষোল্লভুজে অনুপাম, লৈয়া ভদ্ৰকালী নাম,
 ইবাৰ কৰিবোঁ তোক হত॥
ইটো দুই মূৰ্ত্তি ধৰি,  পূৰ্ব্বে তোক বধ কৰি,
 পদতলে নেদিলোঁহো ঠাই॥
আৱে মোৰ বৰ পাই,  পদ-তলে লৈ ঠাই,
 সিয়ো দুই মূৰ্ত্তিত সদাই॥
আমাক পূজয়ে যৈত,  তোমাক পূজিবে তৈত,
 যজ্ঞ-ভাগ দিলোঁ এহিমান।
দেৱ-বৰ্গ গাৱে গাৱে, নিজ যজ্ঞ-তাগ খাৱে,
 ততে তোক দিতে নাহি থান॥
দিয়া মোক এহি বৰ,  অঠৰ যুগ আতপৰ,
 কল্প তিনি অৰ্ব্বুদ হাজাৰ।
শঙ্কৰ বচনে আন, লৈৰে তযু নিজ প্ৰাণ,
 হইবেক জনম তোমাৰ (?)।
বৰ পায়া দৈত্যপতি,  কৰিলেক স্তুতি নতি,
 গোঁসানীয়ো অন্তৰ্দ্ধান ভৈলা।
পাছে মহিষক প্ৰতি,  মোহি থৈলা ভগৱতী,
 তেৱে সিটো নিজ থানে গৈলা॥
কতোদিন অনন্তৰে, দেৱীক সম্বুদ্ধি হৰে,
 বুলিলন্ত কৰিয়া বিচাৰ।