পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
শ্ৰীশ্ৰীচণ্ডী


স্মৰন্তা জনৰ ভয় হৰা ভগৱতী।
স্বস্থে সুমৰিলে তাক দিয়া শুভগতি॥
নমস্ত প্ৰাণীৰ সৰ্ব্ব কালে উপকাৰী।
তুমি বিনে কোন জন আছে দুঃখ হাৰি॥
দৃষ্টি মাত্ৰে সংহৰিতে পাৰে দৈত্যচয়।
তথাপি যুঝিলা তাৰ জানিলোঁ আশয়॥
ইটো দৈত্যগণে পাপ কৰিলা সদায়।
অস্ত্ৰত মাৰিলে তেৱে স্বৰ্গে স্থান পায়॥১৮-১৯
যুদ্ধত তোমাৰ তেৱে অস্ত্ৰ তেজ লাগি॥
মহিষৰ কেনে অসি নগৈলেক ভাগি॥
জানিলোঁ তোমাৰ ইটো মুখ চন্দ্ৰমাৰ।
দৰশনে ভৈলা দিব্য ঔষধ ইহাৰ॥২০
বাহিৰে নিষ্ঠুৰ অন্তৰত দায়া ভাৱ।
শত্ৰুতো দেখিলো কৃপা তোমাৰেসে মাৱ॥
ৰাখিলা জগত দৈত্য কৰিলা সংহাৰ।
আমাৰো নাশিলা ভয় কৰোঁ নমস্কাৰ॥
খড়্গ আৰু অস্ত্ৰ ধৰি ৰাখা মহামায়া।
চতুৰ্দ্দিকে ৰক্ষা কৰা শূলক ভ্ৰমায়া॥
ঘোৰ ৰূপ শান্ত ৰূপ মূৰ্ত্তি যত মান।
সিসবে আমাক ৰাখা ৰাখা ভূমি খান॥২১-২৭


মূলত, যথা,-

দাৰিদ্ৰদুঃখভৱহাৰিণী কা ত্বদন্যা,
সৰ্ব্বোপকাৰকৰণায় সদাৰ্দ্ৰ চিত্তা।

• এইখিনিও মূলৰ সাৰাংশ হে। এই দেৱী-স্তুতিৰ মুঠতে সাৰাংশ খিনি হে ইয়াত দিছে।