পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় মাহাত্ম্য।

 মেধস বদতি কথা শুনিয়ো নৃপতি।
নামত চিক্ষুৰ মহিষৰ সেনাপতি॥
সৈন্য হত দেখি সিটো কোপ কৰি মনে।
দেৱীক যুঝিতে লাগি চলিলা তেখনে॥ ২
দুৰ্গাক ঢাকিয়া সিটো বৰষিলা শৰে।
মেকৰ শৃঙ্গত যেন মেঘে বৃষ্টি কৰে॥৩
লীলায়ে ছেদিলা দেৱী তাব সিটো বাণ।
ৰথ ঘোৰা পদাতিৰ পাছে লৈলা প্ৰাণ॥৪
ধ্বজ ধনু কাটিলা ভবানী চিক্ষুৰৰ।
শৰ বৃষ্টি কৰি থাসিলন্ত কলেৱৰ॥৫
পাছে খঙ্গ চৰ্ম্ম ধৰি দৈত্য দিলা লৰ।৬
সিংহৰ মাথাত দিলা খড়্গৰ প্ৰহাৰ॥
পাছে ঘাৱ দিলা ৰাম ভুজত দুৰ্গাৰ।৭
বাহুত পৰিয়া খঙ্গ ভাঙ্গি গৈলা তাৰ॥
খড়্গ ভাঙ্গা দেখি কোপে নয়ন ৰাতুল।
দেৱীক লাগিয়া দৈত্য প্ৰহাৰিলা শূল॥৮
সূৰ্য্য় যেন জ্বলি আসে আকাশক চানি
শূলপাট আসিবৰ দেখিয়া ভবানী॥৯
দেৱীয়ো হানিলা শূল পৰম প্ৰচণ্ড।
চিক্ষুৰৰ শূলক কৰিলা খণ্ড খণ্ড॥
দৈত্যৰ শূলক নাশি অলক্ষিত বেগে।
গোঁসানীৰ শূলে ধায়া গৈলা সেহি চেগে॥