পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
শ্রীশ্রীচণ্ডী।


অক্ষমালা-কমণ্ডলু দিলা সৃষ্টিকৰ।
পদ্ম এক গোট আনি দিলন্ত সাগৰ॥২৩ [১]
ৰোম-কূপ সকলত ভবানী মাওৰ।
আপোনাৰ ৰশ্মিচয় দিলা দিবাকৰ॥
কালে দিলা খঙ্গা-চৰ্ম্ম পৰম নিৰ্ম্মল।২৪
ক্ষীৰ-সমুদ্ৰেয়ো দিলা দুইটি কুণ্ডল॥
দিব্য বস্ত্ৰ দুইখানি দিব্য এক হাৰ।
নূপুৰ-যুগল গলপাতা অলঙ্কাৰ॥
চূড়ামণি অৰ্দ্ধচন্দ্ৰ দিলা সুশোভন।
সমস্ত বাহুত তাৰ দিলা বিতোপন॥
অঙ্গুলি সবাত দিলা ৰত্নৰ অঙ্গুৰী।
হস্তত বলয়া দিলা অতি যত্ন কৰি॥২৫-২৭
যমে দিলা যম-দণ্ড জ্বলে অতিৰেক।[২]
অনন্তৰে বিশ্বকৰ্ম্মা কুঠাৰ দিলেক॥
অভেদ্য কৱচ দিলা অস্ত্ৰ নানা খান।২৮
অম্লান পদ্মৰ মালা দিলা দুইখান।
মাথাত পিন্ধিলা দেৱী মাল একখান।
হিয়াত কৰিলা মালান্তৰ পৰিধান॥ ২৯[৩]


 *মূলত আছে

কালদণ্ডাদ্‌ যমো দণ্ডং পাশঞ্চাম্বুপতিৰ্দ্দদৌ।
প্ৰজাপতিশ্চাক্ষমালং দদৌ ব্ৰহ্ম কমণ্ডলুম্॥

সাগৰে “পদ্ম” দিয়াতকৈ “পাশ” দিয়াহে যুক্তিযুক্ত। ইয়াত “প্ৰজাপতি” আৰু “ব্ৰহ্মা” দুজনা দেৱতা; পদত দুয়োকো “সৃষ্টিকৰ বুলিছে।

  1. মূলত আছে
    কালদণ্ডাদ্ যমো দণ্ডং পাশঞ্চাম্বুপতিৰ্দ্দদৌ৷
    প্ৰজাপতিশ্চাক্ষমালং দদৌ ব্ৰহ্মা কমণ্ডলুম্৷৷
    সাগৰে “পদ্ম” দিয়াতকৈ “পাশ” দিয়াহে যুক্তিযুক্ত৷ ইয়াত “প্ৰজাপতি” আৰু “ব্ৰহ্মা” দুজনা দেৱতা; পদত দুয়োকো “সৃষ্টিকৰ” বুলিছে৷
  2. মুলৰ ২৩ শ্লোকৰ কথা।
  3. মূলৰ এই শ্লোকৰ, “অদদজ্জ্বলধিস্তস্যৈ পঙ্কজঞ্চাতিশোভনম্”
    এই খিনিৰ অনুবাদ পদৰ ২৩ শ্লোকতে দিলে।