পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শ্ৰীশ্ৰীচণ্ডী


চিত্ৰবৰ্ণ কায়, অধিকে শুৱাই;
 দেখিবাক অতি ভাল।
বৰিষ ত্ৰিতয়, বয়স হোৱয়,
 হৈয়া আছে ঋতুকাল॥
দেখি কাম ভোলে অসুৰ নিস্খলে,
 দানৱে দুই হাত মেলি।
মহিষীক ধৰি, আলিঙ্গন কৰি,
 কৰিলন্ত তথা-কেলি॥
সেহি বীৰ্য্যে জাত, জগতে প্ৰখ্যাত,
 ভৈলেক মহিষাসুৰ।
দানবগণৰ  ভৈলেক ঈশ্বৰ,
 অসুৰৰ সি দুন্দুৰ।
একদিন প্ৰতি,  মহিষ দুৰ্ম্মতি,
 হিমালয়-গিৰি-কাছে।
পশিলেক বন;  যৈত কাত্যায়ন,
 মুনিৰ আশ্ৰম আছে॥
ধৰি নাৰী-কায়া; মোহিলেক যায়া,
 ৰৈদ্ৰোস্ব নামে মুনিক।
ভৈলা তপ-ভঙ্গ; দেখি কৰি খঙ্গ;
 কাত্যায়নে শাপিলেক॥
যিটো ৰূপ ধৰি, আসি চদ্মকৰি,
 শিষ্যক মোহিলি মোৰ।
শুন ৰে-দুৰ্ম্মতি, এমত যুৱতী,
 মাৰ চিন্তিবেক তোৰ॥