পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
শ্রীশ্রীচণ্ডী।


মধু-কৈটভৰ ৰধ ভৈলা সমাপতি।
পদ বন্ধে ৰুচিনাথ বিপ্ৰে নিগদতি॥
 ৰাজাৰ বৈশ্যৰ জন্ম-কৰ্ম্ম-কথা যত।
ব্ৰহ্ম-বৈবৰ্ত্তৰ আছে প্ৰকৃতি-খণ্ডত॥
যেনমতে জাত ভৈলা ধৰ্ম্ম-পক্ষীচয়।
মাৰ্কণ্ডেয়-পুৰাণত ই কথা আছয়॥
ইসব কথাক আত দিলোঁ মিশ্ৰ কৰি।
বিৰচিলোঁ পদ বাহুল্যক পৰিহৰি॥
ভবানীৰ গুণ-নাম মোক্ষ-হেতু জানি।
নিৰন্তৰে নৰে বোলা শঙ্কৰ ভবানী।[১]
 
ইতি দেবীমাহাত্ম্যে মধূকেটভ বধঃ।


  1. এইখিনি কথা “পূৰ্ব্বকথা”ৰ তলত হব লাগিছিল হৰ পায়।