পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শ্ৰীশ্ৰীচণ্ডী৷

সুৰথেও শত্ৰু-হাতে পৰাজয় পাই।
ৰাজা হুয়া নিজ-পুৰে থাকিলন্ত যাই॥৭
ইটো বলহীন হেন দেখিয়া ৰাজাক।
মহাবলী দুষ্টমতি নিজ-মন্ত্ৰীঝাক॥
ধন-জন কাঢ়ি লৈলা দিলেক নিকাৰ।৮
হেন দেখি সুৰথেও ত্যজি ৰাজ্য-ভাৰ।
মৃগয়াৰ ছদ্ম কৰি ঘোটকত চড়ি।
একাকী গৈলেক ঘোৰ অৰণ্যক লড়ি॥৯
মেধস ঋষিৰ তৈতে আশ্ৰমেক আছে।
তথাতে পশিলা গৈয়া সুৰথে আপোছে॥
সৰ্প আদি যত জন্তু আছয় সিঠাৱে।
কাকো কেহো নিহিংসয় ঋষিৰ প্ৰভাৱে॥
ঋষি-শিষ্যগণে সুশোভিত সিটো স্থান।১০
তথাতে বঞ্চিলা ৰাজা দিন কতোমান॥
মুনিয়ো কৰিলা মান নৃপতিক পাই।
ৰাজাও ফুৰন্ত তৈতে নানা থান চাই॥১১
 এহিমতে তৈত থাকন্তেয়ো নৃপতিৰ।
স্নেহে-মোহে-বিয়াকুল-চিত্ত নোহে থিৰ॥
বনক আসিলা পূৰ্ব্বে যাক পৰিহৰি।
চিন্তিবে লাগিলা ৰাজা সিসবক স্মৰি॥১২
পূৰ্ব্বকালে মোৰ পিতৃ-পিতামহগণে
পালিলেক যিটো ৰাজ্য পৰম যতনে॥
হেনয় ৰাজ্যক মই আইলোঁ পৰিহৰি।
নজানোহো ভৃত্যগণে পালে কেন কৰি॥