পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ মাহাত্ম্য৷

বৰ-দান।

দেবী প্ৰভাব লীলা কহিলো সম্প্ৰতি।
তোমাকো বৈশ্যকো তেন্তে মুহিচে পাৰ্ব্বতী॥
মুহিচে এমতে আনো বিবেকী অনেক।
উৰ্দ্ধ সকলকে পূৰ্ব্বে মুহিচা প্ৰত্যেক॥
পাচকো লাগিয়া যত উপজিবে জ্ঞানী।
সি সবকো এহি মতে মুহিবো গোসানী॥১-৪
তাহান্তে শৰণাগত স্থিৰ কৰি মতি।
ভূকুতি মুকুতি স্বৰ্গ দিবা ভগবতী।৫
ভাগুৰীৰ আগে মাৰ্কণ্ডেয় কহে মুনি।৬
মেধসৰ এহি বাক্য ভূপতিয়ে শুনি॥
পৰে লৈলা ৰাজ্যভাৰ মনত অসুখ।
অকাৰ্য্যত বাঢ়ে স্নেহ তাত পায় দুঃখ॥
ঋষিক প্ৰণামি ৰাজা উদবিগ্ন মনে।
তপস্যাক লাগি চলি গৈলেক তেখনে॥
মেধসক প্ৰণামিয়া বৈশ্য চলি গৈলা।৭-৮
নদী পুলিনত দুয়ো জনে বাস লৈলা॥
দেবীক দেখিতে প্ৰতি আৰম্ভিলা তপ।
দেবীৰ সূক্তক দুয়ো কৰিলন্ত জপ॥৯
তৈতে মৃত্তিকাৰ মূৰ্ত্তি কৰিয়া দুৰ্গাৰ।
পূজিলন্ত দুয়ো জনে দিয়া উপহাৰ॥১০