পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
শ্ৰীশ্ৰীচণ্ডী।


তেন্তে সমস্তকে মোহে তেন্তে জ্ঞান দেই।
তেন্তে তুষ্ট ভৈলে ধন সম্পদক পাই॥৩৭
সকলে ব্ৰহ্মাণ্ড ব্যাপি আছা মহেশ্বৰী।
ব্ৰহ্মাদিকো সংহৰন্ত কাল অনুসৰি॥৩৮
কাল অনুসৰে কৰা সৃষ্টি স্থিতি লয়।
আপদ সম্পদ তেন্তে কালত দিয়য়॥৩৯
উপহাৰ বলি দিয়া স্তুতি যিতো কৰে।
ধন পুত্ৰ সমস্তকে পায়ে সিতো নৰে।
ধৰ্ম্মত উৎপত্তে তাৰ আতি শুভ মতি।
শুম্ভ নিশুম্ভৰ বধ ভৈলা সমাপতি॥৪০-৪১