পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
শ্ৰীশ্ৰীচণ্ডী।


তাসম্বক অতিক্ৰমে দৈত্য দুই ভাই।
দেবীক বধিতে প্ৰতি বেগে গৈলা ধাই॥৮
অনন্তৰে গোসানীয়ে সমে সিটো দুই।
লগাইলা সংগ্ৰাম কোপে বিয়াকুল হুই॥
বৰিসিলা সৰ দুয়ো বীৰে নিৰন্তৰে।
বৰিষা কালত যেন মেঘে বৃষ্টি কৰে॥৯
দানবৰ সিতো শৰ বৃষ্টিক ভবানী।
শীঘ্ৰে বিনাশিলা নিজ শৰচয় হানি।
পাছে দেবী নিজ অস্ত্ৰ হানিলা অনেক।
দুয়ো দানবৰ সৰ্ব্বাঙ্গত আসিলেক॥১০
নিশুম্ভে লৈলেক পাছে দিব্য চৰ্ম্মখান।
আঠ গোটা চন্দ্ৰে তাত শোভে স্থানে স্থান॥
তীক্ষ্ণ খড়্গ হানি ধৰি চানিলেক গায়।
দেবীৰ সিংহৰ মাথে দিলা এক ঘায়॥১১
দেখি দেবী শীঘ্ৰে প্ৰহাৰিয়া খুৰ বাণ।
তাৰ খড়্গ চৰ্ম্ম কৰিলন্ত খান খান।১২
কাটা গৈলা খড়্গ চৰ্ম্ম দেখি দৈত্য পতি।
হানিলা দেবীক লাগি প্ৰচণ্ড শকতি॥
চক্ৰে হাণি তাক খঙ্গে চেদিলা ভবানী।১৩
দেখিয়া নিশুম্ভে শূল প্ৰহাৰিলা আনি॥
তাকে মুষ্টি ঘায়ে দেবী কৰিলন্ত চুৰ।১৪
ভ্ৰমায়া গদাক পাছে হানিলা অসুৰ।
শূল ঘায়ে গদা গোট দহিলা ঈশ্বৰী।১৫
পাছে নিশুম্ভেয়ো ধাইলা পৰশুক ধৰি॥