পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰগীত

ৰাগ-তথা।

ধ্ৰুং-নাৰায়ণ চৰণে কৰোহে গোহাৰি; বিসয় বিলাস পাস চান্দি ইন্দ্ৰিয়; মোহি ওহি লূটে বাটোৱাৰি।

পদ-নাসাগন্ধ; মধুৰৰষ বসনা, শ্ৰৱন বিবিধ ধ্বনি ধায়। নয়না ৰুপ; পৰষ ত্বচ চাহে, কাহে ভজোঁহো পহু পায়॥ কাম ক্ৰোধ মদ; মান মোহ মেৰি, ঐসব বৈৰি বিসাল। শঙ্কৰ কহ পহু, তুহু বিনে নাই আন, সেৱকপাল গোপাল॥৫॥

বিলাস-ভোগ, বাসনা। পাশ-জাল। ছান্দি- অগুৰি বা ঢাকি ধৰি। বাটোৱাৰি-ভাগ ভাগ কৰি নিয়া। মোহি-মোক। বিষয়...বাটোৱাৰী-ইন্দ্ৰিয়বোৰে সাংসাৰিক বিষয় লালসাৰ জালেৰে মোক মেঢ়াই ধৰি ডকাইতি কৰি মোক লুটিলে। ৰসনা –ঞ্জি ভা। পহু – প্ৰভু। সেৱকপাল-সেৱকক ৰক্ষা কৰোঁতা। কাহে-কনেকৈ, কি। পায়- উপায়।

ৰাগ-তথা।

ধ্ৰুং-সাৰঙ্গপানি পাহে পামৰমতি হামি। নিৰয় নিবাৰ; আৱৰী নাহি হেৰহু, বিনে চৰণ তজু * স্বামি॥ পদ-জড়া মৰণ মেৰি; নিকটহি আয়া, কায়া পৰ কেতি ‘।’বেৰি। কৰতহোঁ পাপ; সমাপল আৱি; ভাবি চৰণ না তেৰি॥


পাঠান্তৰ :- * তচু। +কতি।